Good News, Words Of Life, And Gospel Songs With Indian Most Popular Languages By Number(from No.1 To No.12). //

অসমীয়া ভাষা - "জীৱনৰ শব্দ আৰু শুভবাৰ্তাৰ গীত".mp4

Informações:

Synopsis

Assamese Lsanguage - "Words of Life And Gospel Songs".mp4 //1 কৰি 13 - প্ৰেমৰ উৎকৃষ্টতা1যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ। 2মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ। 3আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।4প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়, 5ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷ 6ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, 7প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।8প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব। 9কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ; 10কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব। 1